July 14, 2025 6:35 PM July 14, 2025 6:35 PM
1
মানকাচৰ জিলাৰ সোণাপুৰত মাদকদ্রব্যসহ এজন সৰবৰাহকাৰীক আটক
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সোণাপুৰত আজি পুৱা মানকাচৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা অহা নৈশ বাছ এখনৰ পৰা বুজন পৰিমাণৰ মাদকদ্রব্যসহ এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ পৰা ৫০ হাজাৰটা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবীয়ে আজি এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয়, যে জব্দ কৰা মাদক দ্রব্যখিনিৰ মূল্য ১০ কোটি টকাৰো অধিক হ'ব। এই নিচাজাতীয় টেবলেটখিনি মানকাচৰৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যো...