August 9, 2024 8:04 PM

views 26

আপ নেতা মনীষ চিচডিয়াৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি আম আদমী পাৰ্টীৰ নেতা মনীষ চিচডিয়াক আবকাৰী নীতি অনিয়মৰ গোচৰত জামিন মঞ্জুৰ কৰে। উচ্চতম ন্যায়ালয়ে কৈছে যে চিচডিয়া ১৭ মাহধৰি জিম্মাত আছিল। বিধিবলবৎকাৰী সঞ্চালকালয় আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দুয়োটা গোচৰতে শ্ৰী চিচ'ডিয়াৰ জামিন মঞ্জুৰ হৈছে।

April 6, 2024 6:43 PM

views 23

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্রী মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৮ এপ্ৰিললৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে দিল্লী আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্রী মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৮ এপ্ৰিললৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত আজি ন্যায়ালয়ত হাজিৰ কৰাৰ সময়ত ৰাউজ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই আম আদমী পাৰ্টিৰ নেতাগৰাকীক ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ নিৰ্দেশ দিয়ে। এই গোচৰৰ সহ আৰোপী আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙো আজি ন্যায়িক প্ৰক্ৰিয়াৰ বাবে আদালতৰ সন্মুখত হাজিৰ...