November 12, 2024 8:30 AM

views 28

মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১০টা উগ্রপন্থী নিহত

মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কালি ১০টা উগ্রপন্থী নিহত হয়। জানিব পৰা মতে জিৰিবাম জিলাৰ জাকুৰাধৰ আৰু বৰোবেক্ৰা আৰক্ষী চকীত অৱস্থিত চি আৰ পি এফৰ পহৰাচকীত কালি বিয়লি সশস্ত্র উগ্রপন্থীয়ে আক্ৰমণ চলায়। নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থী গোটৰ মাজত হোৱা সংঘৰ্ষৰ পাছত ঘটনাস্থলীৰ পৰা উগ্ৰপন্থীকেইটাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই সংঘৰ্ষত চি আৰ পি এফৰ এজন জোৱানো আহত হয়।

September 2, 2024 3:48 PM

views 34

পশ্চিম ইম্ফলত কুকি উগ্রপন্থীৰ আক্ৰমণত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত

মণিপুৰৰ পশ্চিম ইম্ফলত কালি কুকি উগ্রপন্থীয়ে ড্রোন, বোমা আৰু অত্যাধুনিক অস্ত্ৰৰে কৌটুক গাঁৱৰ লোকসকলক আক্ৰমণ কৰাৰ ফলত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণত গুলীৰ আঘাতত গাংবাম চুৰবালা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। আহত হোৱা লোকসকলৰ ভিতৰত মহিলাগৰাকীৰ ৮ বছৰীয়া কন্যা আৰু দুগৰাকী আৰক্ষী জোৱানো আছে। গৃহ বিভাগে জনোৱা মতে কুকি উগ্ৰপন্থীয়ে নিৰস্ত্ৰ গাঁওবাসীৰ মাজত ব্যাপক ধ্বংসৰ সৃষ্টি কৰা এনে কাৰ্যক ৰাজ্য চৰকাৰে শান্তি প্রতিষ্ঠা কৰিবলৈ লোৱা প্ৰচেষ্টাক ৰে'লপথৰ পৰা নমাই...

June 10, 2024 8:30 PM

views 22

মণিপুৰত ঘুৰ্ণিবতাহ আৰু শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা দল ৰাজ্যখনত উপস্থিত

মণিপুৰত যোৱা মাহত ঘুৰ্ণিবতাহ আৰু শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা দল ৰাজ্যখনত উপস্থিত হৈছে। যোৱা ৫ মে'ত হোৱা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ৰাজ্যখনৰ বিভিন্ন অংশত বাসগৃহ, যান-বাহন আৰু খেতিপথাৰৰ বিস্তৰ ক্ষতি সাধন হয়। দলটোৱে আজি থৌবাল জিলাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি এই ক্ষতিৰ বুজ লয়। ৪ জনীয়া সদস্যৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দলটোৱে জিলা পৰ্যায়ৰ বিষয়াসকলকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

June 7, 2024 8:15 PM

views 26

মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবামত সান্ধ্য আইন জাৰি

চৰকাৰে যোৱানিশাৰেপৰা আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবামত সান্ধ্য আইন জাৰি কৰিছে। পামলৈ বুলি যোৱা এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰেপৰা অঞ্চলটোৰ পৰিস্থিতি বেয়াৰ পিনে ঢাল খাইছে। ইয়াৰ উপৰি একাংশ দুৰ্বৃত্তই যোৱানিশা দুটা ভিন ভিন সম্প্ৰদায়ৰ কেইটামান বাসগৃহ জ্বলাই দিয়ে। জিলা প্রশাসনে আজি পুৱাৰেপৰা অঞ্চলটোত সান্ধ্য আইন জাৰি কৰিছে আৰু সুৰক্ষা বাহিনী আৰু জিলা পৰ্যায়ৰ বিষয়াসকলক ধন-জনৰ ৰক্ষা কৰিবলৈ নিৰ্দেশ দিছে। সুৰক্ষা বাহিনীয়ে চহৰখনৰ হিংসাপ্রৱণ এলেকা...

May 6, 2024 12:24 PM

views 26

মণিপুৰত ধুমুহা-শিলাবৃষ্টিৰ বিধ্বংসী ৰূপঃ সা-সম্পত্তিৰ ক্ষতিসাধনৰ লগতে বহু লোক গৃহহীন

♦ মণিপুৰত কালি বিয়লি অহা ধুমুহা-শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ আৰু সা-সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোক গৃহহীন হৈ পৰে বুলি জানিব পৰা গৈছে। বিষ্ণুপুৰ, নোনী, পূৱ ইম্ফল, পশ্চিম ইম্ফল, আৰু থৌবাল জিলাৰ বিভিন্ন অঞ্চল ধুমুহা-বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ মণিপুৰৰ ৰাজ্যিক পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন সঞ্চালকালয়ৰ তথ্য অনুসৰি, টামেংলং জিলাত দেওবাৰে হোৱা শিলবৰষুণৰ সৰ্বাধিক পৰিমাণ আছিল ২১.৬ মিলিমিটাৰ। ইম্ফল চহৰত সৃষ্টি হোৱা কৃত্রিম বানপানীৰ ফলত স্বাভাৱিক যাতা...

May 6, 2024 12:22 PM

views 21

ইম্ফলত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিৰ

♦ মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিয়ে কালি ইম্ফলত আয়োজিত এটা অনুষ্ঠানত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি কৰে। মণিপুৰৰ বিদ্যা ভাৰতী শিক্ষা বিকাশ সমিতিয়ে ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সাহায্য শিবিৰ সমূহত থকা শিশুসকলক শিক্ষা প্ৰদান কৰা। এই বিদ্যালয় সেৱাৰ বাহনখনত এগৰাকী শিক্ষকৰ লগতে এটা পুথিভঁৰাল, কম্পিউটাৰ আৰু খেলৰ সামগ্ৰী থাকিব। বাহনখনে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা সাহায্য শিবিৰসমূহ ভ্ৰমণ কৰি শিশুসকলক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিব। অনুষ্ঠানত দিয়া ভাষণত ৰ...

April 28, 2024 6:33 PM

views 24

মণিপুৰৰ ৬ টা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশ

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে ৬ টা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভাৰতীয় নির্বাচন আয়োগে আজি এই সন্দৰ্ভত বিশেষ নির্দেশনা জাৰি কৰিছে। পৰহিলৈ অৰ্থাৎ অহা ৩০ এপ্রিলত পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্রহণ কেন্দ্রকেইটাত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে যোৱা ২৬ এপ্ৰিলত এই ৬টা ভোটগ্রহণ কেন্দ্ৰত সংঘটিত ব্যাপক খেলিমেলিৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্রহণ প্রক্রিয়া বাতিল কৰিছিল। ৰাজ্যখনৰ উখৰুল জিলাৰ ৫ টা ভোটগ্রহণ কেন্দ্ৰ আৰু সেনাপতি জিলাৰ এটা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্...

April 28, 2024 12:42 PM

views 27

মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ পাহাৰীয়া অঞ্চলত নিৰাপত্তা বাহিনীৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ

 মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰনচিনা গাঁৱৰ পাহাৰীয়া অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক বাহিনীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰে। নৰনচিনা গাঁৱত থকা চি আৰ পি এফৰ চকীত পৰহি নিশা হোৱা আক্ৰমণৰ ঘটনাত এজন উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ মৃত্যু হোৱাৰ পাছত কালি এই অভিযান চলোৱা হয়। এই অভিযানত ৪টা ৰাইফল, দুটা চীনত নির্মিত হেণ্ড গ্রেনেড, ১৪৫ জাঁই গুলী-বাদকে ধৰি বিভিন্ন আপত্তিজনক সামগ্রী জব্দ কৰা হয়। এই অভিযানত অপৰাধী চক্ৰৰ তিনিটা বাংকাৰো ধ্বংস কৰা হয়। ইপিনে ৰাজ্যখনৰ মুখ্যমন্ত...

April 7, 2024 8:59 PM

views 26

মণিপুৰত দুখন আসনৰ বাবে দুটা পৰ্যায়ত লোকসভা নির্বাচন

মণিপুৰত দুখন আসনৰ বাবে লোকসভা নির্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰে মণিপুৰ ইনাৰ সংসদীয় সমষ্টিৰ আসনৰ বাবে হ'বলগীয়া নিৰ্বাচন অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব। সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৯ লাখ ৭৯ হাজাৰ ৮৮৭ জন আৰু ইয়াৰে মহিলা ভোটদাতাৰ সংখ্যা ৫ লাখ ১৬ হাজাৰ ১৫০ গৰাকী । তিনিগৰাকী নিৰ্দলীয় প্রার্থীকে ধৰি ৬ গৰাকী প্ৰাৰ্থীয়ে এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

April 1, 2024 12:20 PM

views 34

মণিপুৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

মণিপুৰৰ বিভিন্ন প্ৰান্তত কালি হোৱা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হোৱাৰ ফলত থাউবালৰ সাপাম লেইকেই আৰু খংজম গাঁৱৰ কেইবাটাও বাসগৃহ, ভৱন তথা বহু খেতিপথাৰ ক্ষতিগ্রস্ত হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত হোৱা মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ আন্তঃগাঁথনি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। গুৱাহাটী বিমানবন্দৰৰ মুধুচৰ এটা অংশ কালি বৰষুণৰ ফলত ভাঙি পৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৪ এপ্ৰিললৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বিজুলী-ঢেৰেকণিৰে মজলীয়াৰ পৰা মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।