July 5, 2025 5:18 PM

views 7

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনৰ থকা প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে ২০২৩ চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্রয় শিবিৰসমূহত থকা লোকসকলক এই মাহৰ পৰাই তিনিটা পৰ্যায়ত বিকল্প স্থানত সংস্থাপিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয়, যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে কৰা কেইবালানিও আলোচনাৰ অন্তত আশ্রয় শিবিৰসমূহ পৰ্যায়ক্রমে বন্...

November 17, 2024 11:00 AM

views 21

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ইম্ফলত সান্ধ্য আইন জাৰি; ইণ্টাৰনেট সেৱা কৰ্তন

মণিপুৰৰ জিৰিবাম জিলাৰ পৰা ছদিন পূর্বে তিনিটি শিশু আৰু তিনিগৰাকী মহিলা সন্ধানহীন হোৱাৰ পাছত শেহতীয়াকৈ আটাইকেইগৰাকীৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। শুকুৰবাৰে নিশা আৰু শনিবাৰে মৃতদেহকেইটা নদীত উদ্ধাৰ হোৱাৰ পাছত কালিৰে পৰা মেইটেই লোকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্যখনৰ পৰিস্থিতি। একাংশ প্ৰতিবাদকাৰীয়ে কালি ৰাজ্যখনৰ দুজন মন্ত্ৰী আৰু তিনিজন বিধায়কৰ বাসগৃহত আক্ৰমণ কৰাৰ পাছত ইম্ফলত সান্ধ্য আইন জাৰি কৰাৰ লগতে চাৰিখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছে। ...