May 27, 2025 11:38 AM

views 27

মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনত অপ্রীতিকৰ পৰিস্থিতি অব্যাহত

● মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি অব্যাহত আছে। ভাৰতীয় সেনাৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহন বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত প্ৰতিবাদকাৰীসকলে ৰাজ্যখনৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক ক্ষমা খোজাৰ দাবী জনাই আহিছে। কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্ট্ৰিগ্লেটি চমুকৈ ক'ক'মীয়ে আহ্বান জনোৱা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ পাছত কেন্দ্ৰীয় চৰকাৰ...

November 20, 2024 12:31 PM

views 37

মণিপুৰত নিৰাপত্তা বাহিনী মোতায়ন কৰাৰ পাছত পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণ

কেন্দ্ৰীয় চৰকাৰে মণিপুৰত নিৰাপত্তা বাহিনী মোতায়ন কৰাৰ পাছত ৰাজ্যখনৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে। আজি ৰাজ্যখনৰ পশ্চিম ইম্ফল, পূব ইম্ফল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত পুৱা ৫ বজাৰ পৰা ১০ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে। অৱশ্যে, এই সময়ছোৱাত ৰাজহুৱা স্থানত সমাৱেশ, ধর্ণা, সমদল আদি অনুমতি দিয়া হোৱা নাই। বিদ্যালয়সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ হৈ থাকিব বুলিও প্রশাসনে অৱগত কৰিছে। ইফালে, মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰভাৱ অসমতো পৰাৰ আশংকাত কাছাৰ জিলাৰ আৰক্ষীয়ে অসম-মণিপুৰৰ সীমান্ত ...

November 19, 2024 12:44 PM

views 24

মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণ

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে। যোৱা নিশাৰ পৰা ৰাজ্যখনৰ কোনো অঞ্চলৰ পৰা কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ বাতৰি পোৱা হোৱা নাই। অশান্ত ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৫০টা কোম্পানী প্ৰেৰণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত কালি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি মণিপুৰলৈ গৃহ মন্ত্ৰ্যালয়ে অতিৰিক্তভাৱে ৫ হাজাৰ জোৱান প্ৰেৰণ কৰিব। ইপিনে ৰাজ্যখনত বাহৰ প...

November 18, 2024 8:23 PM

views 25

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণ

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে যদিও ভিতৰি ভিতৰি উত্তেজনা অব্যাহত আছে। যোৱা সপ্তাহত উগ্ৰপন্থীয়ে অপহৰণ কৰা ছজন লোকৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰৰ পাছত জিৰিবামত কালি ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত এজন প্ৰতিবাদকাৰী আহত হয়। নিশাৰ ভাগত সশস্ত্র দুষ্কৃতিকাৰীয়ে জিৰিবামৰ কংগ্ৰেছ আৰু বিজেপি দুয়ো দলৰে জিলা কার্যালয় দুটাত অগ্নি সংযোগ কৰে। মণিপুৰত বাহৰ পাতি থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান অনিছ দয়াল...

November 12, 2024 8:30 AM

views 33

মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১০টা উগ্রপন্থী নিহত

মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কালি ১০টা উগ্রপন্থী নিহত হয়। জানিব পৰা মতে জিৰিবাম জিলাৰ জাকুৰাধৰ আৰু বৰোবেক্ৰা আৰক্ষী চকীত অৱস্থিত চি আৰ পি এফৰ পহৰাচকীত কালি বিয়লি সশস্ত্র উগ্রপন্থীয়ে আক্ৰমণ চলায়। নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থী গোটৰ মাজত হোৱা সংঘৰ্ষৰ পাছত ঘটনাস্থলীৰ পৰা উগ্ৰপন্থীকেইটাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই সংঘৰ্ষত চি আৰ পি এফৰ এজন জোৱানো আহত হয়।

September 18, 2024 6:28 PM

views 53

মণিপুৰত পুনৰ শান্তি স্থাপনৰ বাবে বিগত এশ দিনত কেন্দ্ৰৰ ভালেমান পদক্ষেপ গ্ৰহণ

চৰকাৰে মণিপুৰত পুনৰ শান্তি স্থাপনৰ বাবে বিগত এশ দিনত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দুটা বেটেলিয়ন আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২০০টা কোম্পানী নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নিয়মীয়াকৈ ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰি থকাৰ লগতে যাৱতীয় ব্যৱস্থাসমূহ সুনিশ্চিত কৰিছে বুলি জানিব পৰা গৈছে। চৰকাৰে লগতে ভাৰত-ম্যানমাৰ সীমান্তত মুক্ত গতিবিধি বন্ধ কৰি দিছে। তদুপৰি নিৰাপত্তা ব্যৱস্থাৰ ...