September 9, 2024 11:33 AM
14
মণিপুৰৰ সকলো বিদ্যালয়-মহাবিদ্যালয় দুদিনৰ বাবে বন্ধ ঘোষণা
গোষ্ঠী সংঘৰ্ষৰ বাবে আইন-শৃংখলা পৰিস্থিতি অত্যধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয়-মহাবিদ্যালয় দুদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। ৰাজ্যখনত কালি পুনৰ সংঘটিত বোমা বিস্ফোৰণত এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পিছত চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে। ইফালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ দলৰ বিধায়কসকলৰ সৈতে ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক কালি সাক্ষাৎ কৰে। সাক্ষাৎ কালত তেওঁলোকে ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে আঠ দফীয়া প্ৰস্তাৱ দাখিল কৰে।