August 5, 2025 8:29 PM

views 13

ৰাজ্যসভাই ১৩ আগষ্টৰ পৰা প্ৰয়োজ্য হোৱাকৈ মণিপুৰত আৰু ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰাৰ প্ৰস্তাৱ মৌখিক ভোটত গ্ৰহণ

ৰাজ্যসভাই ১৩ আগষ্টৰ পৰা প্ৰয়োজ্য হোৱাকৈ মণিপুৰত আৰু ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰাৰ বিধি সন্মত প্ৰস্তাৱ মৌখিক ভোটত গ্ৰহণ কৰে। পৰিস্থিতি উন্নত নোহোৱাত উপ সভাপতিয়ে সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ আলোচনাৰ দাবী কৰে। বিৰোধী সাংসদসকলে সদনৰ মজিয়া চি আই এছ এফৰ জোৱান নিয়োগক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, যে তেওঁ বিৰোধী দলসমূহৰ হৈ উপ-সভাপতিলৈ পত্ৰ প্ৰেৰ...