October 6, 2025 1:48 PM

views 14

মণিপুৰৰ জিৰিবাম জিলাত দুটা শক্তিশালী আই ই ডি নিষ্ক্ৰিয় সুৰক্ষা বাহিনীৰ

মণিপুৰৰ জিৰিবাম জিলাত সুৰক্ষা বাহিনীয়ে যোৱা নিশা দুটা শক্তিশালী আই ই ডি নিষ্ক্ৰিয় কৰে। সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই কয়, যে ৰাজ্যখনৰ উদ্বেগজনক পৰিস্থিতিৰ মাজত এই আই ই ডি উদ্ধাৰ তথা নিষ্ক্ৰিয় কৰাটো বিশেষভাৱে গুৰুত্বপূর্ণ। উল্লেখযোগ্য যে আছাম ৰাইফলছৰ এটা দলে যোৱা নিশা জিৰিবামৰ মাখাবস্তি এলেকাত অভিযান চলাই ১২ কিলোগ্ৰামকৈ ওজনৰ দুটা আই ই ডি, ৫০০ কিলোগ্রাম ওজনৰ তিনিটা বৈদুত্যিক শক্তিৰ উৎস আৰু ১২ মিটাৰ দৈৰ্ঘ্যৰ কৰ্ডেক্স জব্দ কৰে। ৰাজ্যখনত যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰপতি শাসন চলি থকাৰ পৰিপ্ৰেক্ষ...

June 23, 2024 8:24 PM

views 21

মণিপুৰৰ জিৰিবাম জিলাৰ বৰোবেক্ৰাৰ গোৱাখালৰ জৈৱিক পামত আই ই ডিৰ বিস্ফোৰণ

মণিপুৰৰ জিৰিবাম জিলাৰ বৰোবেক্ৰা উপ সংমণ্ডলৰ গোৱাখালৰ এখন জৈৱিক পামত আজি নিচেই পুৱা এটা সন্দেহযুক্ত শক্তিশালী আই ই ডিৰ বিস্ফোৰণ হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পুৱা প্ৰায় ৩ মান বজাত এই বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলত পামখন বেয়াকৈ ক্ষতিগ্রস্ত হয়। অৱশ্যে এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই। আৰক্ষীয়ে এই ঘটনাৰ পাছতে ঘটনাস্থলী পর্যবেক্ষণ কৰাৰ লগতে দোষীক কৰায়ত্ব কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে।