September 17, 2025 12:19 PM

views 118

মণিপুৰত বান পৰিস্থিতি এতিয়াও শোচনীয়

মণিপুৰত উপত্যকা জিলাসমূহৰ বিভিন্ন স্থান বিশেষকৈ ইম্ফল পূৱ আৰু থৌবাল জিলাসমূহৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। উখৰুল জিলাত বৰষুণৰ বাবে যোৱা কেইদিনমানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ফলস্বৰূপে যাত্ৰী আৰু বাণিজ্যিক পৰিবহণ ব্যৱস্থা ব্যাহত হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সকলো বিদ্যালয়-মহাবিদ্যালয়ৰ আজিৰ দিনটো বন্ধ ঘোষণা কৰিছে। উপত্যকা জিলাসমূহৰ মাজেৰে বৈ যোৱা অধিকসংখ্যক নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বিভিন্ন স্থানত থৌবাল নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইম্ফল নদী, ইৰিল নদী আৰু নামবুল...

June 6, 2025 12:45 PM

views 44

মণিপুৰৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত

মণিপুৰত সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। অৰুণাচলতো বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে বুলি আমাৰ আকাশবাণীৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে, সাম্প্রতিক বানত অৰুণাচলত ৩৩ হাজাৰ ২০০ লোক ক্ষতিগ্ৰস্ত হৈছে । একেদৰে ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু নাগালেওতো সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে।

May 31, 2024 11:41 AM

views 30

মণিপুৰত হঠাতে অহা বানৰ বিধ্বংসী ৰূপ ধাৰণ

মণিপুৰত হঠাত অহা বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইম্ফল চহৰ বানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। চহৰখনলৈ যোৱা প্ৰায়বোৰ পথ ডুব গৈছে। ৰাজভৱন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহো ইতিমধ্যে পানীত ডুব গৈছে। খোৱাৰমবন্দ ইমা মার্কেট আৰু অন্যান্য বজাৰসমূহ প্লাৱিত হৈ পৰিছে। মণিপুৰ আৰক্ষী, সেনা, আছাম ৰাইফলছ, ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী আৰু ৰাজ্যিক দুর্যোগ সহাৰি বাহিনীয়ে উদ্ধাৰ অভিযানত জপিয়াই পৰিছে। লোকটাক উন্নয়ন কর্তৃপক্ষইও উদ্ধাৰ অভিযানত যোগদান কৰি প্ৰায় ৮০০ লোকক ইতিমধ্যে সুৰক্ষিত এলেকালৈ স্থানান্তৰ...