June 10, 2024 7:52 PM
27
মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত উগ্ৰপন্থীৰ আক্রমণত এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আজি পুৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দুষ্কৃতিকাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ অগ্রিম নিৰাপত্তাৰক্ষীৰ দলটোক কৰা আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। তেওঁ এই ঘটনাৰ সৈতে জড়িতসকলক চিনাক্ত কৰি উচিত শাস্তি বিহা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুতৰভাৱে আহত নিৰাপত্তাৰক্ষী জোৱানজনক ভৰ্তি কৰি ৰখা চিকিৎসালয়লৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখযোগ্য যে ইম্ফলৰ জিৰিবাম পথৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কাংপপি জিলাৰ কে চিনাম গাঁৱৰ সমীপত আজি পুৱা চাৰে ১০ বজাত...