November 18, 2024 12:02 PM

views 14

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে একেটা বিষয় লৈ আজি আন এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা। গৃহমন্ত্ৰীগৰাকীয়ে কালিৰ বৈঠকত কয় যে মণিপুৰলৈ শান্তি-শৃংখলা ওভতাই অনাৰ উদ্দেশ্যে নিৰাপত্তা বাহিনীসমূহক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি ৰাজ্যখনত শান্তি আৰু নিৰাপত্তা বিঘ্নিত হৈছে। গৃহ মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে ৰাজ্...