December 17, 2025 12:26 PM

views 16

মণিপুৰত আজিৰেপৰা তিনিদিনীয়াকৈ অষ্টাদশ ৰাজ্যিক অ’ৰেঞ্জ ফেষ্টিভেল আয়োজন

মণিপুৰত আজিৰেপৰা তিনিদিনীয়াকৈ অষ্টাদশ ৰাজ্যিক অ'ৰেঞ্জ ফেষ্টিভেল অর্থাৎ কমলা উৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ সৰ্বাধিক কমলা উৎপাদন হোৱা তামেংলং জিলাত এই উৎসৱৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে এই জিলাখনত উৎপাদিত কমলাৰ অনন্য সোবাদ আৰু গুণাগুণৰ বাবে ভৌগোলিক সূচ্যাংক লাভকৰিছে। প্ৰতিবছৰে কমলাৰ উৎপাদকসকলক উৎসাহিত কৰাৰ লগতে ইয়াৰ বজাৰ বৃদ্ধি আৰু প্ৰসাৰৰ বাবে ৰাজ্যখনত এই উৎসৱৰ আয়োজন কৰা হয়। ইয়াৰ বাবে অঞ্চলটোৰ বিভিন্ন স্থানত আটক ধুনীয়াকৈ কমলাৰ বিপণীসমূহ সজাই তোলা হৈছে। উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক অনুষ্ঠান, পৰম...

November 6, 2025 2:49 PM

views 36

আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি ইম্ফলৰ চিটী কনভেনচন চেণ্টাৰত অনুষ্ঠিত আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ লয়। এই অনুষ্ঠানত আকাশবাণী ইম্ফলে আগবঢ়োৱা ৬০ বছৰজোৰা সেৱাৰ বিষয়ে আলোকপাত কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যপালগৰাকীয়ে হীৰক জয়ন্তী স্মৰণিকা উন্মোচন কৰে আৰু আকাশবাণী ইম্ফলৰ বিষয়া আৰু হীৰক জয়ন্তী অনুষ্ঠানৰ প্ৰযোজকসকলৰ মাজত প্ৰশস্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব অনুৰাগ বাজপেয়ী, আকাশবাণীৰ সঞ্চালকপ্ৰধান ৰাজীৱ কুমাৰ জৈন, আকাশবাণীৰ উত্তৰ-পূব সংমণ...

October 14, 2025 11:48 AM

views 61

শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণ মণিপুৰৰ ৰাজ্যপালৰ

● মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ঐতিহাসিক ৰাজভৱনটোৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ আৰু গেলেৰী প্ৰদৰ্শনী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিব। মাহুদৰ সঞ্চালক নাংগম উত্তম সিঙৰ নেতৃত্বত এই সমিতিখন গঠন কৰা হৈছে। এই বিষয়ত কলা আৰু সংস্কৃতিৰ উপসচিব সুনান্দা থকছমে সদস্য সচিব হিচাপে উত্তম সিঙক সহযোগিতা আগবঢ়াব। সমিতিখনৰ অন্য তিনিগৰাকী সদস্য হৈছে- ক্লাৰা ক’ছিনী ফিমু, শশীকান্ত শৰ্মা আৰ...

August 24, 2025 12:57 PM

views 58

নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সোমবাৰে শপতগ্ৰহণ

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কাইলৈ নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুৰ এদিন পাছত যোৱা ১৬ আগষ্টত অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰিছিল।

July 30, 2025 9:02 PM

views 25

মণিপুৰত ১৩ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ৰাষ্ট্ৰপতিৰ শাসন সন্দৰ্ভত লোকসভাত আলোচনা অনুষ্ঠিত

মণিপুৰত ১৩ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন পুনৰ বৃদ্ধি কৰা প্ৰস্তাৱ সন্দৰ্ভত আজি লোকসভাত আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে যোৱা ১৩ ফেব্ৰুৱাৰীত মণিপুৰত বলবৎ কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰতি সদনৰ অনুমোদন বিচাৰে আজি এই প্ৰস্তাৱ উত্থাপন কৰে। প্ৰস্তাৱটো সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈ কংগ্ৰেছৰ এণ্ট এণ্টনীয়ে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰে আৰু ৰাজ্যখনত শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি অভিযোগ তোলে। সমাজবাদী পাৰ্ট...

July 26, 2025 11:11 AM

views 22

মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি

মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাজ্যখনত ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়। সেই অনুসৰি ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বাহাল থাকিব। উল্লেখযোগ্য যে গোষ্ঠীগত সংঘৰ্ষক লৈ মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰাৰ পাছত যোৱা ৯ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। ইয়াৰ চাৰিদিন পাছতে অর্থাৎ ১...

July 23, 2025 6:33 PM

views 14

মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ দেহাৱসান

● মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ আজি পুৱতি নিশা ইম্ফলৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ভাৰতীয় নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নাট্যকাৰগৰাকীয়ে সমসাময়িক প্রেক্ষাপটত প্রাচীন ভাৰতীয় ঐতিহ্যক আধাৰ হিচাপে লৈ নাট ৰচনা আৰু মঞ্চস্থ কৰিছিল।

July 5, 2025 5:18 PM

views 10

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনৰ থকা প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে ২০২৩ চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্রয় শিবিৰসমূহত থকা লোকসকলক এই মাহৰ পৰাই তিনিটা পৰ্যায়ত বিকল্প স্থানত সংস্থাপিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয়, যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে কৰা কেইবালানিও আলোচনাৰ অন্তত আশ্রয় শিবিৰসমূহ পৰ্যায়ক্রমে বন্...

July 4, 2025 8:06 PM

views 21

মণিপুৰৰ পাহাৰীয়া জিলাসমূহত মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ ব্যাপক তালাচী

অবৈধ অস্ত্র জমা কৰাসকলক দমনৰ বাবে মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ এটা দলে কালি মাজনিশাৰ পৰা আজি পুৱালৈকে মণিপুৰৰ পাহাৰীয়া জিলাসমূহত ব্যাপক তালাচী অভিযান চলায়। মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই অভিযানৰ সময়ত উদ্ধাৰকাৰী দলটোৱে গোলাবাৰুদ, বিস্ফোৰক আদিৰে প্ৰায় ২০৩টা অবৈধ অস্ত্ৰ উদ্ধাৰ কৰে। প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে সকলো নিৰাপত্তা সংস্থাৰ সৈতে সহযোগিতা ৰক্ষা কৰি মণিপুৰৰ পাহাৰীয়া জিলাসমূহত স্বাভাৱিক অৱস্থা পুনৰ ঘূৰা...

June 8, 2025 8:42 PM

views 22

মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক এন আই এৰ গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই এ মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে। এই তিনিওজন বিদ্ৰোহীয়ে যোৱা বছৰ ১৭ জানুৱাৰীত মণিপুৰ মোৰেত ভাৰতীয় সংৰক্ষিত বাহিনীৰ এটা নিৰাপত্তা চাউনীত আক্ৰমণ সংঘটিত কৰাৰ লগতে এটা তহলদাৰী গোটৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছিল। এই ঘটনাত দুজন আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে আন কেইবাজনো জোৱান গুৰুতৰভাৱে আহত হৈছিল। এন আই এ গ্ৰেপ্তাৰ কৰা মণিপুৰী বিদ্ৰোহী কেইজন হৈছে থাংমিনেল মেটে, কামগিংথাং গাংটে, হেন্তিনথাং কিপগেন। উল্লেখযোগ্য যে এন আই এই নি...