March 6, 2025 7:51 PM

views 40

মঙলদৈ বিধানসভা সমষ্টিত ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত আজি সর্বমুঠ ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৩০টাতকৈ অধিক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰে ভিতৰত মুঠ ২৫ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে মঙলদৈৰ নৈৰ ওপৰত দলং আৰু পকীপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত ২৫ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰা হয়। বিষ্ণু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰাজহুৱা সভাখনত সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক বসন্ত দাসৰ লগতে ভালেসংখ্যক লোকে অংশ লয়। ভাষণ প্ৰসংগত সাংসদ শ্ৰীশ‍...

November 13, 2024 6:16 PM

views 43

মঙলদৈত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শিশু সুৰক্ষা বিষয়ক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈ জিলা পুঁথিভঁৰাল প্ৰেক্ষাগৃহত আজি জিলাখনৰ শিক্ষকসকলৰ বাবে শিশু সুৰক্ষা বিষয়ক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক শিশু সুৰক্ষা ছ'চাইটী, দৰং জিলা শিশু সুৰক্ষা গোট আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

June 10, 2024 6:58 PM

views 21

কৃষি খণ্ডত শক্তিৰ উচিত প্রয়োগ সম্পৰ্কে মঙলদৈত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা

কৃষি খণ্ডত শক্তিৰ উচিত প্রয়োগ সম্পৰ্কে দৰং জিলাৰ মঙলদৈত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। কৃষি আৰু ইয়াৰ সৈতে সংযুক্ত ক্ষেত্ৰত বিভিন্ন যন্ত্ৰচালনাৰ বাবে ব্যৱহৃত ইন্ধনৰ ফলত পাৰিপাৰ্শ্বিকতাৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ দ্বাৰা বিকল্প শক্তিৰ উপযুক্ত ব্যৱহাৰ সম্পৰ্কে কৃষকসকলক সজাগ কৰাৰ উদ্দেশ্যে জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এই কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত অধিক শস্য উৎপাদন আৰু জলবায়ুৰ সৈতে স্থিতিস্থাপকতা বৰ্তাই ৰাখি ইন্ধনৰ উচিত ...