November 15, 2025 12:25 PM

views 17

মঙলদৈৰ বৰপুখুৰীপাৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত ‘অৰণ্যৰ দিন’ কাৰ্যসূচীৰ আয়োজন

মঙলদৈৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠান জীপচি গিল্ডৰ উদ্যোগত কাইলৈ চহৰখনৰ বৰপুখুৰীপাৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত ‘অৰণ্যৰ দিন’ নামৰ এটা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, মঙলদৈৰ আন এটা অগ্রনী সংগঠন ইউনাইটেড ক্লাবৰ প্রযোজনাত ক্রাউড ফাণ্ডিঙৰ জৰিয়তে ১৯৭১ চনত অৰণ্য নামৰ ছবিখন নিৰ্মাণ কৰা হৈছিল। এই ছবিখনৰ মুক্তিৰ ৫৪ বছৰ পূর্তি উপলক্ষে কাইলৈ চহৰখনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছবিৰ মাজেৰে ৫৪ বছৰ পূৰ্বে গোলকীয় উষ্ণতাৰ বাৰ্তা দিয়া এই ব্যতিক্রমধৰ্মী ছবিখনৰ স্মৃতি সজীৱ কৰি ৰখাৰ লক্ষ্যৰে কাইলৈ ...