July 16, 2025 9:52 PM

views 12

দৰং জিলাৰ মঙলদৈৰ ৰামহৰিত পুখুৰীত গা ধুবলৈ গৈ দুটি শিশুৰ সলিল সমাধি

দৰং জিলাৰ মঙলদৈৰ ৰামহৰিত আজি পুখুৰীত গা ধুবলৈ গৈ দুটি শিশুৰ সলিল সমাধি ঘটে। শিশু দুটি ৰামহৰিৰ ৮ বছৰীয়া দৃষ্টি হাজৰিকা আৰু বেজপাৰা টিয়াঝাৰ নিবাসী ১০ বছৰীয়া ধৰিত্ৰী ডেকা বুলি চিনাক্ত কৰা হৈছে। পানীত বুৰ যোৱা শিশু দুটিক ৰাইজে উদ্ধাৰ কৰি মঙলদৈৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।