August 14, 2024 11:54 AM

views 23

মঙলদৈ যুৱক সংঘত কৃষক সমন্বয় দিৱস পালন

কৃষক অধিকাৰ সুৰক্ষা সমিতি আৰু নাৰী অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত আদৰ্শ কৃষক প্রয়াত দেৱেশ্বৰ নাথৰ ৮৯ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি কালি মঙলদৈ যুৱক সংঘত দিনজোৰা কাৰ্যসূচীৰে কৃষক সমন্বয় দিৱস পালন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি সীতাজখলা দুগ্ধ উৎপাদসক সমবায়ৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই কৃষকসকলক উৎপাদিত কৃষি সামগ্ৰীৰে ব্যৱসায়িকভাৱে লাভ অৰ্জন কৰিবলৈ প্ৰযুক্তিৰ প্ৰয়োগ আৰু কেঁচা সামগ্ৰীৰ মূল্য সংবৰ্দ্ধন কৰিবলৈ আহ্বান জনায়।