July 18, 2024 12:28 PM

views 16

মঙলদৈত থলুৱা প্ৰজাতিৰ মাছৰ বাণিজ্যিক ভিত্তিত গুণগত উৎপাদনৰ লক্ষ্যৰে প্ৰশিক্ষণ কাৰ্যসূচী

ৰাষ্ট্ৰীয় মীন পালন বিকাশ পৰিষদৰ উদ্যোগত আৰু দৰং জিলা মীন উন্নয়ন বিভাগৰ সহযোগত মাগুৰ, পাভ, পুঠি আদি থলুৱা প্ৰজাতিৰ মাছৰ বাণিজ্যিক ভিত্তিত গুণগত উৎপাদনৰ লক্ষ্যৰে অসমৰ লগতে ছিকিম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মীন পালকৰ বাবে মঙলদৈত কালিৰে পৰা তিনিদিনীয়াকৈ এটা প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা সংসদৰ উত্তৰ-পূৰ্বাঞ্চল ক্ষেত্ৰীয় কেন্দ্ৰৰ মুৰব্বী ড০ চুল্লিপ কুমাৰ মাঝি, ৰাষ্ট্ৰীয় মীন পালন বিকাশ পৰিষদৰ ক্ষেত্ৰীয় কেন্দ্ৰৰ মুৰব্বী অসীম কুমাৰ বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট...