September 26, 2024 7:33 PM

views 19

মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে কাইলৈৰ পৰা পুনৰ মুকলি কৰাৰ সিদ্ধান্ত

২০২৪-২৫ পর্যটন বৰ্ষৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ দিন সলনি কৰা হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিব পৰা গৈছে। ২০২৪-২৫ বৰ্ষৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলিৰ দিন পূৰ্বে ১ অক্টোবৰ ধাৰ্য কৰা হৈছিল যদিও বিভাগীয় কর্তৃপক্ষই কাইলৈৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ কাৰণে পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ চি ৰমেশে এক জাননীযোগে এই কথা সদৰি কৰিছে। উল্লেখযোগ্য যে কাইলৈ ৰাজ্যৰ পৰ্যটন বিভাগে বড়োলেণ্ড পর্...