January 23, 2026 6:46 PM

views 11

আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন

বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ আজি প্ৰথম দিনা বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, মুখ্যদ্বাৰ মুকলি, গছপুলি ৰোপণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাৰিণ বড়োৱে মুখ্যদ্বাৰ মুকলি কৰে। উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ, পৰম্পৰাগত সাজপাৰ আদি প্ৰদৰ্শনৰ জৰিয়তে পৰ্যটন উদ্যোগৰ প্ৰসাৰৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ প্রতিদিনাই ভিন ভিন কাৰ্যসূচীৰ আ...

January 22, 2026 7:31 PM

views 12

কাইলৈৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া মানাহ মহোৎসৱৰ প্রস্তুতি সম্পূর্ণ

বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পর্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ কাইলৈৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া মানাহ মহোৎসৱৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্রাংগণত হ'বলগীয়া এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ'ব।

June 7, 2025 7:54 PM

views 38

মানস ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষত ১ কোটি ৫৮ লাখ টকাৰ ৰাজহ সংগ্ৰহ

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষত ১ কোটি ৫৮ লাখ টকা ৰাজহ সংগ্ৰহত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ‍ই বিগত ৮ মাহত এই ৰাজহ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত উদ্যানখনলৈ ৬৪ হাজাৰ ৪৬৩ গৰাকী পৰ্যটকৰ আগমন ঘটে। ইয়াৰ ভিতৰত ৩ হেজাৰ ৭১৯ গৰাকী বিদেশী পৰ্যটক। মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম বুলি উল্লেখ কৰি শ্ৰীবড়োৱে উদ্যানখনত জীৱ জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে। উ...

September 6, 2024 1:22 PM

views 18

অহা পহিলা অক্টোবৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

পৰ্যটকৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ'ব। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক তথা মুখ্য বন সংৰক্ষণক ড° চি ৰমেশে এই কথা প্রকাশ কৰিছে। উল্লেখযোগ্য যে বাৰিষাৰ বাবে চলিত বৰ্ষৰ যোৱা ৫ জুনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি ৰখা হৈছিল।