December 13, 2025 12:34 PM December 13, 2025 12:34 PM
10
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত বৃদ্ধি
ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত কালি সন্ধিয়া বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত কালি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। ইপিনে, জিলাখনৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা আন এটা হাতীয়ে নাফুক খেৰবাৰী অঞ্চলতো জনবসতিপূর্ণ অঞ্চলত উপদ্ৰৱ চলায়। বনৰীয়া হাতীটোৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয়। হাতী-মানুহৰ...