June 29, 2024 6:38 PM
15
টেক্সাছত চলি থকা ইউ এছ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ছেমিফাইনেলত ভাৰতৰ মালবিকা বেনছ’ড
ভাৰতৰ মালবিকা বেনছ’ডে টেক্সাছত চলি থকা ইউ এছ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ কিৰষ্টি গীলমোৰক ১০-২১, ২১-১৫, ২১-১০ গেমত পৰাজিত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি নিশা জাপানৰ নাটছুকি নিডাইৰাৰ বিৰুদ্ধে ছেমিফাইনেল খেলিব। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ প্ৰিয়াংশু ৰাজাৱাট চীনৰ লী লানঝিৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ২১-১৫, ১১-২১, ১৮-২১ গেমত পৰাজিত হয়। মহিলাৰ ডাবলছ শাখাত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিচান্দ জাপানৰ ৰুই হিৰোকামি আৰু য...