June 19, 2024 9:10 PM June 19, 2024 9:10 PM
2
সংসদ ভৱন চৌহদৰ বিশিষ্ট নেতাৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ প্ৰশ্ন উত্থাপন
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই সংসদ ভৱন চৌহদত থকা বিশিষ্ট নেতাসকলৰ প্ৰতিমূৰ্তিৰ স্থানান্তৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মহাত্মা গান্ধী, ড০ বাবাচাহেব আম্বেদকাৰ আৰু অন্য ৰাষ্ট্ৰীয় নেতাসকলৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানলৈ পুনৰ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে। শ্রীখার্গে আজি এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়লৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত তেওঁ কোনো ধৰণৰ আলোচনা অবিহনে ইচ্ছামতে এই মূর্তিসমূহ আতৰ কৰা কাৰ্যই গণতন্ত্ৰৰ মূল ভাৱনা ভংগ কৰা বুলি উল্লেখ কৰিছে। তেওঁ কয় যে, প্...