November 4, 2025 7:58 PM
35
মেলিছাৰ ফলত ক্ষতিগ্রস্ত জামাইকা আৰু কিউবালৈ ভাৰতৰ সাহায্য প্রদান
ভাৰতে ঘূর্ণী বতাহ মেলিছাৰ ফলত ক্ষতিগ্রস্ত জামাইকা আৰু কিউবালৈ মানৱীয় সাহায্য প্রদান কৰিছে। নতুন দিল্লীৰ পৰা আজি প্রায় ২০ টন সাহায্য সামগ্রী দেশ দুখনলৈ মানৱীয় সাহায্য আৰু দুর্যোগ সাহায্য সামগ্রী হিচাপে প্ৰেৰণ কৰা হয়। সামাজিক মাধ্যমৰ এটা বার্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে জানিবলৈ দিছে যে, ভাৰতীয় বায়ু সেনা বাহিনীৰ এখন বিমানে ঔষধ, চিকিৎসা সঁজুলি, জেনেৰেটৰ, খাদ্য আৰু দৈনন্দিন ব্যৱহৃত সামগ্রী আদিকে ধৰি ভালেমান সাহায্য সামগ্রী দেশ দুখনলৈ প্ৰেৰণ কৰিছে। তেওঁ কয়, যে ভাৰতে গ্ল'বেল ছডিথৰ...