May 25, 2025 8:05 PM

views 18

মালদীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুল্লা খালীল তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত

মালদীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুল্লা খালীলে তিনিদিনীয়া ভ্রমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে মালদীপৰ বিদেশ মন্ত্ৰীগৰাকীৰ একেটা বছৰতে তৃতীয়টো ভাৰত ভ্ৰমণ৷ ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ কূটনৈতিক আদান-প্ৰদানৰ বাবে এই ভ্রমণসূচী অব্যাহত আছে। কাইলৈ ড০ খালীলে মালদীপৰ নেতৃত্বত সামুদ্রিক সুৰক্ষা আৰু অৰ্থনৈতিক অংশীদাৰিত্বৰ সন্দৰ্ভত হ'বলগীয়া ভাৰত-মালদীপৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্রমণসূচীত ড০ খালীলে ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰৰ সৈতেও আলোচনাত মিলিত হ'ব।