August 19, 2024 12:23 PM

views 29

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিম তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিমে আজিৰে পৰা তিনিদিনীয়া সূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ। বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰত আৰু মালয়েছিয়াৰ শক্তিশালী ঐতিহাসিক আৰু সামাজি...