May 25, 2024 7:52 PM May 25, 2024 7:52 PM

views 17

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধু

দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা ভাৰতৰ পি ভি সিন্ধুৱে মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালালামপুৰত আজি অনুষ্ঠিত প্রতিযোগিতাৰ এখন ছেমি ফাইনেল খেলত তাৰকা খেলুৱৈগৰাকীয়ে বিশ্বৰ কুৰিসংখ্যক স্থানৰ খেলুৱৈ থাইলেণ্ডৰ বুছানন অংবামৰুংফানৰ বিৰুদ্ধে প্ৰথমটো ছেটত ১৩-২১ ব্যৱধানত পৰাজিত হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োটা ছেটত ২১-১৬ আৰু ২১-১২ ব্যৱধানত জয়লাভ কৰি চূড়ান্ত পৰ্য্যায়ত স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত সিন্ধু চীনৰ ঝি য়ি ৱ...