October 25, 2024 7:46 PM

views 37

মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি ৪০ খন গ্ৰন্থ উন্মোচন

মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি ৪০ খন গ্ৰন্থ উন্মোচন কৰা হয়। গড়মুৰৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত গ্রন্থকেইখন উন্মোচন কৰা হয়।

October 23, 2024 11:53 AM

views 49

সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি মাজুলীত ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা অতিৰিক্ত আয়ুক্তই সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি জিলাখনৰ মুঠ ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে। জিলাখনৰ ১ লাখ ৩২ হাজাৰ ৯৪৭গৰাকী ভোটদাতাই মুঠ ২০১টা ভোটগ্রহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ভোটদাতাসকলে পঞ্চায়তৰ ভোটাৰ তালিকাত নিজৰ নাম https://ermssec.assam.gov.in পোৰ্টেলত চাব পাৰিব। ইফালে, ধুবুৰীৰ বিলাসীপাৰা সমজিলা প্ৰশাসনেও সমাগত পঞ্চায়ত নির্বাচন উপলক্ষে ভোটদাতাৰ তালিকা প্ৰকাশ কৰে। ২০২৩ চনত প্ৰকাশ পোৱা ভোটদাতাৰ তালিকা...

October 22, 2024 11:33 AM

views 50

ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস হোৱাত কমলাবাৰী-নিমাতী ফেৰী ঘাটৰ ফেৰীৰ চলাচল বন্ধ

■ ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত কালিৰে পৰা মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী ঘাটেৰে ফেৰীৰ চলাচল বন্ধ হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী পথ খননৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা এখন ড্ৰেজাৰ মাজুলীলৈ অনা হৈছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান আই আই টি মাদ্ৰাজৰ এটা বিশেষজ্ঞ দলৰ তত্বাৱধানত আজিৰ পৰা ফেৰী চলাচলৰ সুবিধা হোৱাকৈ ব্ৰহ্মপুত্ৰত বুকুত ফেৰীপথ খনন কাৰ্য আৰম্ভ হ'ব। কমলাবাৰী-নিমাতী ফেৰীপথ খনন সম্পূর্ণ নোহোৱালৈকে যাত্রীসকলক অফলামুখ-নিমাতী ঘাটেৰে অহা-যোৱা কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জন...

September 23, 2024 12:34 PM

views 34

মাজুলীৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নিৰক্ষৰ লোকৰ মাজত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰা নব্য ভাৰত সাক্ষৰতা অভিযানৰ অংশ হিচাপে দেশৰ অনান্য প্ৰান্তৰ লগতে কালি মাজুলী জিলাৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নিৰক্ষৰ লোকৰ মাজত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হয়। এই লোকসকলক স্বেচ্ছাসেৱক শিক্ষকৰ দ্বাৰা দীৰ্ঘদিনীয়াকৈ পাঠদান দিয়াৰ পাছত তেওঁলোকক মূল্যায়ন পৰীক্ষাত অৱতীৰ্ণ কৰোৱা হয়।

September 14, 2024 11:18 AM

views 43

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত

■ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মতে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। তদুপৰি বিভিন্ন বেংকৰ ঋণ আদায়, বিজুলী বিল আদায় সম্বন্ধীয়, বি-এছ-এন- এলৰ বিল গোচৰ সম্বন্ধীয় প্ৰাক মোকদমা গোচৰসমূহো মীমাংসাৰ বাবে লোৱা হ'ব। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবে মাজুলীবাসীক এই ৰাষ্ট্ৰ...

September 13, 2024 8:09 PM

views 48

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মতে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। তদুপৰি বিভিন্ন বেংকৰ ঋণ আদায়, বিজুলী বিল আদায় সম্বন্ধীয়, বি- এছ-এন-এলৰ বিল গোচৰ সম্বন্ধীয় প্ৰাক মোকদমা গোচৰসমূহো মীমাংসাৰ বাবে লোৱা হ'ব। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবে মাজুলীবাসীক এই ৰাষ্ট্ৰ...

September 13, 2024 12:16 PM

views 60

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্রীয় আইন সেৱা প্ৰাধিকৰণৰ নির্দেশ মতে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। তদুপৰি বিভিন্ন বেংকৰ ঋণ আদায়, বিজুলী বিল আদায় সম্বন্ধীয়, বি-এছ-এন-এলৰ বিল গোচৰ সম্বন্ধীয় প্রাক মোকদমা গোচৰসমূহো মীমাংসাৰ বাবে লোৱা হ'ব। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবে মাজুলীবাসীক এই ৰাষ্ট্রী...

September 11, 2024 8:13 PM

views 53

সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত

উজনি মাজুলীৰ ৰতনপুৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা মাজুলীৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আজি অনুষ্ঠিত মুকলি সভাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডা০ ৰণোজ পেগুৰ লগতে কেইবাটাও ছাত্ৰ সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। ইপিনে মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজি কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ভকতচাপৰিৰ জামুগুৰি প্ৰাথমিক বিদ্যালয়ত ...

September 7, 2024 7:56 PM

views 28

মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ড্ৰাগছ বিৰোধী সজাগতামূলক কাৰ্যসূচী

মাজুলী জিলাৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি জিলা আবকাৰী বিভাগ আৰু মাদক দ্রব্য নিবাৰণী পৰিষদৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। জেংৰাইমুখ, ৰঙাচাহী মহাবিদ্যালয়, কমলাবাৰী চাৰিআলি আৰু গড়মূৰ চিভিল তিনিআলিত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰা হয়। ইফালে জিলাখনৰ কৃষি বিভাগে আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। এই কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকী প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

September 5, 2024 9:08 PM

views 40

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক সভা অনুষ্ঠিত

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত অনাগত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক এখন সভা অনুষ্ঠিত হয়। সভাত লোক আদালতৰ জৰিয়তে নিষ্পত্তি হোৱা নোহোৱা গোচৰসমূহৰ ক্ষেত্ৰত বাদী-বিবাদীসকলে সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখযোগ্য যে অহা ১৪ ছেপ্তেম্বৰত জিলাখনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব।