October 3, 2024 12:32 PM

views 16

মাজুলীৰ আউনীআটী সত্ৰৰ বেতৰ বিচনীৰ ঔদ্যোগিকীকৰণৰ লক্ষ্যৰে স্থায়ী প্রশিক্ষণ কেন্দ্র মুকলি

মাজুলীৰ আউনীআটী সত্ৰৰ বেতৰ বিচনীৰ ঔদ্যোগিকীকৰণৰ লক্ষ্যৰে স্বেচ্চাসেৱী সংগঠন মাজুলীৰ সাহিত্যৰ উদ্যোগত কালি এটা স্থায়ী প্রশিক্ষণ কেন্দ্র উদ্বোধন কৰা হয়। মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কেন্দ্ৰটো উদ্বোধন কৰি বেতৰ বিচনীৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰে। মাজুলীৰ সাহিত্যৰ উদ্যোগত গঠন কৰা হস্তশিল্প উন্নয়ন সমিতি, আউনীআটীয়ে কেন্দ্রটি পৰিচালনা কৰিব আৰু ইয়াত বেতৰ বিচনী প্ৰস্তুত কৰাৰ লগতে অন্যান্য হস্তশিল্পৰ প্ৰশিক্ষণ, উৎপাদন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব ।