June 7, 2024 12:33 PM

views 21

মাজুলীৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী

মাজুলীৰ গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত তথা সমগ্ৰ শিক্ষা অসমৰ মাজুলী জিলা আৰু মাজুলী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত জিলাখনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ শীর্ষক এই প্রশিক্ষণ কাৰ্যসূচীত মাজুলী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক সংগীত বৰুৱা, অতিৰিক্ত জিলা আযুক্ত ভৰত কোঁৱৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।