September 21, 2024 9:21 PM

views 15

নামনি মাজুলী জ্যেষ্ঠ নাগৰিক শাখা সন্মিলনৰ সপ্তম দ্বি-বার্ষিক অধিৱেশন সম্পন্ন

জ্যেষ্ঠ নাগৰিক সন্মিলন, অসমৰ অন্তৰ্গত নামনি মাজুলী জ্যেষ্ঠ নাগৰিক শাখা সন্মিলনৰ সপ্তম দ্বি-বার্ষিক অধিৱেশনখন আজি বিৰিণাবাৰী গাঁৱত অনুষ্ঠিত হয়। পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত বিষয় বাছনি সভা আৰু সদস্য পঞ্জীয়নৰ লগতে কাৰ্যসূচীৰ অংশ হিচাপে এখন মুকলি সভা অনুষ্ঠিত হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ললিত চন্দ্ৰ হাজৰিকা উপস্থিত থাকে ।