August 31, 2024 12:30 PM

views 20

মাজুলীত শিশু সুৰক্ষা বিষয়ত সভা

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য অজয় কুমাৰ দত্ত আৰু মাজুলী জিলাৰ আয়ুক্ত ড০ কাবেৰী বি শৰ্মাৰ অধ্যক্ষতাত কালি জিলাখনৰ শিশু সুৰক্ষা বিষয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কার্যালয়ত অনুষ্ঠিত সভাখনত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যদ্বয় অজয় কুমাৰ দত্ত আৰু ৰিলাঞ্জনা তালুকদাৰৰ লগতে কাৰিকৰী পৰামৰ্শদাতা মৃদুস্মিতা দত্তয়ো অংশগ্ৰহণ কৰে। সভাখনত জিলা শিশুৰ সুৰক্ষা গোটৰ দ্বাৰা শিশু সুৰক্ষাৰ বাবে লোৱা পদক্ষেপসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। এই আলোচনাত শিশুৰ ওপৰত হোৱা উৎপীড়ন ...