October 11, 2025 1:41 PM

views 22

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত মাজুলীৰ ৭০ খন ৰাস মহোৎসৱৰ প্ৰতিনিধি উপস্থিত থাকে। এইবাৰ মাজুলীবাসীয়ে দেৱালী উৎসৱতো আটচবাজি পৰিহাৰ কৰা মাটিৰ চাকিৰে পোহৰৰ উৎসৱ উদযাপন কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাব বুলি একেখন বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয়। মাজুলী সাংস্কৃতিক মহাবিদ্যালয়খন জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা সন্দৰ্ভতো বৈঠকত আলোচনা ক...