July 17, 2024 8:31 PM

views 19

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন সম্পৰ্কত মাজুলীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী সম্পর্কে আলোচনা কৰিবলৈ আজি মাজুলী জিলাৰ আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি সকলো বিভাগৰ মুৰব্বী বিষয়াসকল, নাগৰিক সমাজ তথা সাংবাদিকসকলৰ উপস্থিতিত আয়োজিত বৈঠকত স্বাধীনতা দিৱস উদযাপনৰ দিনজোৰা কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত জিলাখনৰ আয়ুক্ত ড° কাবেৰী বি. শৰ্মাই বিভাগীয় মুৰব্বীসকলক এই দিৱস উদযাপনৰ ক্ষেত্ৰত কৰণীয়সমূহ সোঁৱৰাই দিয়ে। তেওঁ লগতে সকলোকে নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিব...