June 11, 2024 12:09 PM

views 31

মাজুলীৰ কৃষকসকলে কাইলৈৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিব পাৰিব : জিলা কৃষি বিভাগ

মাজুলী জিলাৰ কৃষকসকলে ন্যূনতম সমর্থন মূল্যত সৰিয়হ বিক্ৰীৰ বাবে কাইলৈৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিব পাৰিব। সৰিয়হ ক্ৰয়ৰ সৈতে জড়িত সংস্থা নাফেডৰ তৰফৰ পৰা জিলা কৃষি বিভাগে অৱগত কৰিছে। সেয়েহে কৃষকসকলক নির্দিষ্ট সময়ৰ ভিতৰত সৰিয়হ ক্রয় কেন্দ্ৰত সৰিয়হ জমা দিবলৈ কৃষি বিভাগে আহ্বান জনাইছে। ইপিনে, মাজুলী জিলা কৃষি বিভাগৰ অধীনত আটমাৰ উদ্যোগত কালি গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত মহৰিচুক আৰু মালাপিন্ধা মিৰি গাঁৱত কেইবাটাও আত্মসহায়ক গোটক কাঠফুলা খেতি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। এই অনুষ্...