October 28, 2024 11:39 AM

views 21

মাজুলীৰ কমলাবাৰী-নিমাতীঘাটৰ ফেৰী চলাচল কৰাৰ বাবে ২৫ অক্টোবৰৰ পৰা খনন কাৰ্য অব্যাহত

যোৱা ২০ অক্টোবৰৰ পৰা বন্ধ হৈ থকা মাজুলীৰ কমলাবাৰী-নিমাতীঘাট জলপথেৰে পুনৰ ফেৰী চলাচল আৰম্ভ কৰাৰ বাবে খনন কাৰ্য চলাই থকা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে মাজুলীৰ কমলাবাৰী পাৰঘাটৰ কিছু অংশত নতুনকৈ বালিচৰ পৰা হেতুকে এই ফেৰীসেৱা বন্ধ কৰা হৈছিল। জলপথটোৰ স্পৰ্শকাতৰ অংশত জলস্তৰৰ গভীৰতা বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কেন্দ্ৰীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত ২৫ অক্টোবৰৰ পৰা খনন কাৰ্য অব্যাহত ৰাখিছে। ড্ৰেজাৰেৰে বালিচৰ খন্দা অংশৰে নদীখনৰ উপখুঁটিৰ পানীৰ ধাৰৰ প্ৰাৱল্য বৃ...