January 19, 2025 7:16 PM

views 16

মাজুলিৰ মায়ামৰা আজলী আইথানৰ বাৰ্ষিক থান সেৱা উৎসৱ অনুষ্ঠিত

মাজুলিৰ মায়ামৰা আজলী আইথানৰ বাৰ্ষিক থান সেৱা উৎসৱ ভাগি প্ৰতিবছৰে মাঘ মাহৰ প্ৰথমটো দেওবাৰে অনুষ্ঠিত কৰি অহা হৈছে। এইবেলিও থানখনলৈ কেইবা হাজাৰৰো দৰ্শনাৰ্থী আগমণ ঘটিছে। মায়ামৰা সমাজৰ আদ্যগুৰু অনিৰুদ্ধ দেৱৰ মাতৃ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগ্নী এই আজলী আইয়ে মানৰ আক্ৰমণৰ সময়ত মাজুলিত গোপনে বাহৰ পাতি আছিল আৰু তাত শেষ নিশ্বাস ত্যাগ কৰিছিল। আজলী আইয়ে শেষ নিশ্বাস ত্যাগ কৰা দিনটোতে তেওঁক সুঁৱৰি প্ৰতিবছৰে মায়ামৰা সমাজে থানত বাৰ্ষিক নাম- কীৰ্তনৰ আয়োজন কৰে ৷

June 29, 2024 12:51 PM

views 19

মাজুলীৰ গড়মূৰ থানাত তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত জনসজাগতামূলক অনুষ্ঠান অনুষ্ঠিত

মাজুলীৰ গড়মূৰ থানাত কালি নতুন অপৰাধী আইন ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ৰ বিষয়ে এখন জনসজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। সভাখনত জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে সমগ্র দেশজুৰি অহা ১ জুলাইৰ পৰা বলৱৎ হ'বলগীয়া আইন সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক বিপুল চেতিয়াই পৰিৱৰ্তিত এই আইন সন্দৰ্ভত বক্তব্য প্ৰদান কৰি ৰাইজৰ সহযোগিতা কামনা কৰে ৷ মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰাম সাগৰ নাথ, শিক্ষ...