August 26, 2024 8:54 PM

views 52

মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন

মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাট্য মন্দিৰৰ পতাকা উত্তোলনৰ লগতে প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যর্পণ কৰা হয়। ইয়াৰ লগতে জিলাভিত্তিক চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাটাও মহিলা দলে দিহা নাম পৰিৱেশন কৰে। নিশালৈ গড়মূৰ সত্ৰৰ যুৱতী সমাজে এখন নাট পৰিৱেশন কৰিব।