November 8, 2024 6:50 PM
11
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য; ১৫০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত ১৫০গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ উপৰি অভিনয় জগতত দীৰ্ঘদিন ধৰি উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ বাবে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু সত্ৰীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা কৰুণা বৰাক বিশ্ববিদ্যালয়খনে ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰে। ৰাজ্যপালগৰাকীয়ে ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ...