September 10, 2024 9:04 PM

views 19

মাজুলীত প্ৰথমটো চৰকাৰী দত্তক গ্রহণ কেন্দ্ৰ মুকলি

বিধায়ক ভুবন গামে আজি মাজুলীৰ কমলাবাৰী সত্ৰৰ সমীপত প্ৰথমটো চৰকাৰী দত্তক গ্রহণ কেন্দ্ৰ আজি আনুষ্ঠানিকভাবে মুকলি কৰে। কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ নিৰ্দেশনাত নিপীড়িত আৰু বঞ্চিত শিশুসকলক নিৰাপত্তা আৰু প্ৰতিপালনৰ বাবে এই কেন্দ্ৰটো মুকলি কৰা হৈছে। মাজুলীৰ শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।