January 18, 2026 7:53 PM
6
মাজুলীত সদৌ অসম ভাওনা সমাৰোহ আৰম্ভ
মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ৰংগমঞ্চত আজিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। এইবাৰ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নিৰ্বাচিত প্রতিযোগিতামূলক আৰু ৩ খন প্রদর্শনীমূলক ভাওনা প্ৰদৰ্শিত হ'ব। পুৱা প্ৰভাতি কীৰ্তনৰ পাছতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে ধর্মধবজ্জা উত্তোলন কৰে। ইয়াৰ পাছত ক্ৰমে মণিকূটৰ দ্বাৰ উন্মোচন আৰু জুবিন গাৰ্গ প্ৰদৰ্শনী ক্ষেত্র উদ্বোধন কৰা হয়। মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ৫শ গৰাকী সূত্ৰধাৰৰ সূত্ৰ নৃত্য পৰিৱেশনেৰে ভাওনা সমাৰোহ...