January 18, 2026 7:53 PM

views 38

মাজুলীত সদৌ অসম ভাওনা সমাৰোহ আৰম্ভ

মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ৰংগমঞ্চত আজিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। এইবাৰ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নিৰ্বাচিত প্রতিযোগিতামূলক আৰু ৩ খন প্রদর্শনীমূলক ভাওনা প্ৰদৰ্শিত হ'ব। পুৱা প্ৰভাতি কীৰ্তনৰ পাছতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে ধর্মধবজ্জা উত্তোলন কৰে। ইয়াৰ পাছত ক্ৰমে মণিকূটৰ দ্বাৰ উন্মোচন আৰু জুবিন গাৰ্গ প্ৰদৰ্শনী ক্ষেত্র উদ্বোধন কৰা হয়। মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ৫শ গৰাকী সূত্ৰধাৰৰ সূত্ৰ নৃত্য পৰিৱেশনেৰে ভাওনা সমাৰোহ...

December 14, 2025 8:11 PM

views 23

সত্ৰপীঠ মাজুলীত ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত

সত্ৰপীঠ মাজুলীৰ শ্ৰীশ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ-মাধৱ মিলন ক্ষেত্ৰত আজিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত আজি এহেজাৰ এগৰাকী শিল্পীয়ে সমস্বৰে বৰগীত পৰিৱেশন কৰে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত এই ভাওনা সমাৰোহত বিশিষ্ট কণ্ঠশিল্পী বিদ্যা সাগৰে বৰগীতৰ কাৰ্যসূচী উদ্বোধন কৰে। সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ শিল্পী দলে ২০ খনকৈ ভাওনা প্ৰদৰ্শন কৰিব। তদুপৰি উদ্বোধনী আৰু সামৰণিৰ দিনা মহাপুৰুষ শ্রীমন্ত শংকৰদে...