October 2, 2024 7:23 PM
31
দেশজুৰি আজি জাতিৰ পিতা মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী পালন
দেশজুৰি আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে নতুন দিল্লীৰ ৰাজঘাটৰ সমাধিস্থলীকে ধৰি বিভিন্ন স্থানত আজি সর্বধর্মীয় প্রার্থনা, শ্রদ্ধাঞ্জলি জ্ঞাপন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে গান্ধী জয়ন্তীৰ দিনটোত দেশবাসীক মহাত্মা গান্ধীৰ সপোনৰ ভাৰতৰ ধাৰণাৰে সত্য, অহিংসা, প্রেম আৰু বিশুদ্ধতাৰ মূল্যবোধক গ্ৰহণ কৰাৰ সংকল্প ল'বলৈ আহ্বান জনাইছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে...