November 12, 2024 2:19 PM

views 21

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকলে আজি ৰাজ্যখনৰ ভিন ভিন জিলাত নিৰ্বাচনী সভা সম্বোধন কৰাৰ কথা আছে। শ্ৰী মোদীয়ে আজি চন্দ্ৰপুৰৰ চিমুৰ, ছোলাপুৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুম্বাইত দুখন নির্বাচনী সভাত ভাগ ল'ব। ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি বুলধানা জিলাৰ চিখালি আৰু গন্দিয়াত মহা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ...

November 4, 2024 6:01 PM

views 21

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। যোৱা ৩০ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৰাজ্যখনৰ ২৮৮টা বিধানসভা নিৰ্বাচনৰ বাবে ৭ হাজাৰ ৯৯৪ প্রার্থীয়ে দাখিল কৰা মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২০ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰধান দলসমূহৰ ভিতৰত বিজেপি, শিৱসেনা, এন চি পি মিত্ৰজোঁটৰ শাসনাধিষ্ঠ মহায়ুটি আৰু কংগ্ৰেছ, শিৱসেনা ইউ বি টি আৰু শৰদচন্দ্ৰ পাৱাৰ গোটৰ এন চি পি মহা বিকাশ অঘড়ী মিত্...

September 28, 2024 8:22 PM

views 27

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰিবলৈ নির্বাচন আয়োগৰ আহ্বান

ভাৰতীয় নির্বাচন আয়োগে মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰি গণতন্ত্ৰৰ উৎসৱক সফল কৰি তুলিবলৈ আহ্বান জনাইছে। সমাগত নিৰ্বাচনৰ বাবে সকলোধৰণৰ প্ৰস্তুতিৰ বুজ ল'বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰলৈ যোৱা মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এইদৰে প্ৰকাশ কৰে। মুখ্য নির্বাচন আয়ুক্ত শ্ৰী কুমাৰ, নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুৱে আজি ১১ টা ৰাজনৈতিক দল আৰু বিভিন্ন বিধি বলৱৎকাৰী সন্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত ...

April 23, 2024 12:58 PM

views 16

মহাৰাষ্ট্ৰৰ এক’লাত বিজেপিৰ প্ৰাৰ্থী অনুপ ধত্ৰেৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বিয়লি মহাৰাষ্ট্ৰৰ এক’লাত বিজেপিৰ প্ৰাৰ্থী অনুপ ধত্ৰেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রী ধত্ৰে বৰ্তমানৰ সাংসদ সঞ্জয় ধত্ৰেৰ পুত্ৰ। ইফালে কংগ্ৰেছে ড০ অভয় পাটিলক এক’লাৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰোৱাৰ বিপৰীতে ‘বঞ্চিত বহুজন আঘোড়ী’ৰ নেতৃত্ব বহন কৰা প্ৰকাশ আম্বেদকাৰেও এই আসনখনৰ বাবে প্রার্থিত আগবঢ়াইছে। এক'লাৰ পৰা মুঠ ১৭ গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। চলিত মাহৰ ২৬ তাৰিখে এই আসনখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ক...