August 20, 2025 1:13 PM
13
মহাৰাষ্ট্ৰত বিগত চাৰিদিনত বৰষুণ আৰু বানৰ ফলত ২১জন লোকৰ মৃত্যু
মহাৰাষ্ট্ৰত বিগত চাৰিদিনত বৰষুণ আৰু বানৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হৈছে। মুম্বাই, থানে, পালঘৰ, কোকান আৰু ৰাজ্যখনৰ আন আন প্ৰান্তত ধাৰাষাৰ বৰষুণ অব্যাহত আছে। বানত নন্দেদ জিলাত ৮ গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে মুম্বাইত ৩০০ মিলিমিটাৰ বৰষুণে অভিলেখ গঢ়িছে। ইতিমধ্যে মুম্বাই চহৰৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। বতৰ বিজ্ঞান বিভাগে বিদ্ধর্ব অঞ্চলত ৰেড এলাৰ্ড জাৰি কৰিছে। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পুনে আৰু মুম্বাইৰ মাজৰ ৰে’লসমূহ পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বাতিল...