December 20, 2025 12:03 PM

views 20

মহাৰাষ্ট্ৰৰ নাগপুৰত এটা ঔদ্যোগিক প্ৰতিষ্ঠানত হোৱা দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু, ৯ আহত

মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰত এটা ঔদ্যোগিক প্ৰতিষ্ঠানত এটা পানীৰ টেংক ভাঙি পৰাৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯ জন লোক আহত হয়। এই দুর্ঘটনাটো আভাদা ইলেকট্র’ প্রাইভেট লিমিটেড নামৰ এটা সৌৰ পেনেল নিৰ্মাণকাৰী ফেক্টৰীত সংঘটিত হৈ বুলি আৰক্ষীৰ বিষয়াই নিশ্চিত কৰিছে। পানীৰ টেংকটো ভাঙি যোৱাৰ ফলত ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰা ৩ জন শ্রমিকৰ থিতাতে মৃত্যু হয়। ইপিনে গুৰুতৰভাৱে আহত আন ৩ জনক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁলোকৰ চিকিৎসালয়তে মৃত্যু হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নৱিছে এই ঘটনাত শোক প্ৰক...