May 19, 2025 12:22 PM
15
মহাৰাষ্ট্ৰৰ ছ’লাপুৰত সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ প্ৰতি ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্রকাশ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ছ'লাপুৰৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত বহুকেইজন লোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে অগ্নিকাণ্ডৰ ফলত এনেদৰে কেইবাজনো লোকে প্রাণ হেৰুৱাৰ ঘটনা অতিশয় দুখজনক। তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ইপিনে প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে নিহতসকলৰ নিকটত্ময়ীলৈ প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২...