November 14, 2024 8:52 PM

views 16

মহাৰাষ্ট্ৰত ৰাজনৈতিক দলসমূহৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ, নন্দুৰবাৰত ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। প্ৰতিটো ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আজিও নির্বাচনী প্ৰচাৰত ভাগ লৈছে। জনজাতি প্রধান নন্দুৰবাৰ জিলাত আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এখন নির্বাচনী সভাত ভাষণ দি বনবাসী শব্দটো ব্যৱহাৰ কৰাৰ বাবে বিজেপি আৰু আৰ এছ এছক সমালোচনা কৰে। তেওঁ কয়, যে ভাৰতীয় সংবিধানত জনজাতি সম্প্রদায়ক ...