November 27, 2024 11:23 AM
14
মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ভোটৰ সংখ্যাৰ অমিলৰ অভিযোগ খাৰিজ
মহাৰাষ্ট্ৰৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ভোটদান হোৱা মুঠ ভোট আৰু গণনা কৰা মুঠ ভোটৰ সংখ্যাৰ অমিল হোৱাৰ অভিযোগ উত্থাপন কৰা এটা অনলাইন নিউজ পৰ্টেলৰ প্রতিবেদনক নির্বাচন আয়োগে খাৰিজ কৰিছে। আয়োগে এই বাতৰিক বিভ্ৰান্তিকৰ, ভুল আৰু ভিত্তিহীন বুলি অভিহিত কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্য নির্বাচনী বিষয়াই পৰ্টেলটোৰ সম্পাদকলৈ লিখা এখন পত্ৰত ৫ লাখৰো অধিক ভোটৰ সংখ্যাৰ মিল নথকাৰ এই অভিযোগ চাঞ্চল্য সৃষ্টিৰ বাবে আৰু ইচ্ছাকৃতভাৱে উত্থাপন কৰা বুলি স্পষ্ট কৰি দিছে। আয়োগে কয় যে মুঠ ভোটৰ অংশ হিচাপে থকা ডাক বেলটসমূহৰ সংখ্...