November 20, 2024 9:04 PM November 20, 2024 9:04 PM
10
ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান
মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্রহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান হয়। অৱশ্যে ভোট দানৰ প্ৰকৃত হাৰ ভোট গ্রহণ কেন্দ্ৰসমূহৰ পৰা অহা তথ্যৰ ভিত্তিত নিশাৰ ভাগলৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব। আজি মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰ...