June 19, 2025 5:05 PM June 19, 2025 5:05 PM
25
পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত, প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ
মহাৰাষ্ট্ৰৰ পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত হোৱা ঘটনাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। একেদৰে দুৰ্ঘটনাত আহত সকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে। শ্রীমোদীয়ে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে। উল্লেখযোগ্য যে পুনেত কালি সন্ধিয়া সংঘটিত এই পথ দুৰ্ঘটনাত ৮ জন লোক থিতাতে নিহত হোৱাৰ লগতে ৫ জন গুৰুতৰভাৱে আহত হৈছিল। এখন তীব্রবেগী ...