January 23, 2025 11:56 AM

views 12

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত সংঘটিত ৰে’ল দুৰ্ঘটনাত ১২জন নিহত, ১৪ জন আহত

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত কালি বিয়লি হোৱা ৰে'ল দুৰ্ঘটনাত কমেও ১২ জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ১৪ জন আহত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী মহিলা আৰু এটি ১০ বছৰীয়া শিশুও আছে। আহতসকল বিপদমুক্ত বুলি কোৱা হৈছে। পুস্পক এক্সপ্ৰেছত জুই লগা বুলি উৰা বাতৰি বিয়পাৰ পাছত চেইন টানি ৰে’লখনৰ একাংশ যাত্রী নামি যোৱাৰ সময়তে কৰ্ণাটক এক্সপ্ৰেছ নামৰ অন্য এখন ৰে'লগাড়ীয়ে যাত্ৰীসকলক মহটিয়াই নিয়াৰ ফলত এই অঘটন ঘটে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্ব...